January 22, 2026 7:30 PM | Republic Day

printer

ৰাজ্যৰ বিভিন্ন জিলাত সমাগত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ কাৱাজৰ অনুশীলন কৰি থকা হৈছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেব বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচ কাৱাজৰ অনুশীলন আৰম্ভ হৈছে। আজি জিলাখনৰ ৭ খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোবানে কুছ-কাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্রবর্তীয়ে অনুশীলন প্রত্যক্ষ কৰাৰ লগতে যাবতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্রশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ লোকৰ মাজত এখন প্রীতি ক্রিকেট খেলৰ আয়োজন কৰা হৈছে।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কর্তব্যপথত হবলগীয়া গণৰাজ্য দিৱসৰ কুচ-কাৱাজত প্ৰদৰ্শন কৰা হব। ময়ূৰপংখীৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।