দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেৰগাঁৱত ১৬৭ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাতো ভাষণ দিয়ে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা পাঁচ বছৰত লাচিত বৰফুকন পুলিচ একাডেমী দেশৰ ভিতৰতে প্ৰথম স্থানৰ একাডেমী হিচাপে পৰিগণিত হ’ব। লাচিত বৰফুকনৰ দৰে জাতীয় বীৰৰ বিষয়ে ইমান দিনে সকলোৱে জনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিছে। লাচিত বৰফুকনৰ জীৱনী ২৩টা ভাষালৈ অনুবাদ হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ সকলো পুথিভঁৰালত এতিয়া লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ আছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনৰ ছবি সলনি কৰিব বুলি প্ৰকাশ কৰি শ্ৰীশ্বাহে কয়, যে কর্মসংস্থাপন বিচাৰি অনাগত সময়ত বহিঃৰাজ্যৰ পৰা অসমলৈ যুৱক-যুৱতীৰ সোঁত ব’ব। এসময়ত সন্ত্ৰাসজৰ্জৰ পৰিৱেশে বিৰাজ কৰা ৰাজ্যখন বৰ্তমান প্ৰগতিৰ পথত আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰে।

আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটোক অসম আৰক্ষীৰ বাবে সোণালী দিন বুলি অভিহিত কৰি কয়, যে লাচিত বৰফুকন পুলিচ একাডেমীত এখন আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব আৰু ইয়াৰ জৰিয়তে আৰক্ষীৰ লগতে সাধাৰণ ৰাইজেও উপকৃত হ’ব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰৱচ্চিন্ন প্ৰয়াসৰ ফলত আইন শৃংখলাৰ দিশত আজিৰ অসমে নতুন দিশলৈ গতি কৰিছে বুলি তেওঁ কয়।

অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে বিমানযোগে আইজললৈ যাত্ৰা কৰে। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় ডেৰশ বছৰ পুৰণি ছাউনীটো আইজল নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখ’ছাঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ লয়। আছাম ৰাইফলছৰ ছাউনীটো জোখ’ছাঙলৈ স্থানান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত মিজো লোকসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ’ব। সেয়েহে গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বুলি বিবেচনা কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব।