আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মাৰ ৮৫ আৰু বিৰাট কোহলিৰ ৫৪ ৰানৰ সহায়ত ১৮ অভাৰ ৪টা বলতে মাত্ৰ চাৰিটা উইকেট হেৰুৱাই ২৩০ ৰান কৰে। জিতেশ শৰ্মাক প্লেয়াৰ অব দা মেচ হিচাপে ঘোষণা কৰা হয়। মায়ংক আগৰৱালেও ৪১ ৰান কৰি আউট নোহোৱাকৈ থাকে। লক্ষ্ণৌৰ হৈ উইলিয়াম অ’ৰুৰ্কে দুটা উইকেট দখল কৰাৰ লগতে আকাশ মহাৰাজ সিং আৰু আবেশ খানে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২২৭ ৰান সংগ্ৰহ কৰে। অধিনায়ক ঋষভ পণ্টে সৰ্বাধিক ১১৮ ৰান কৰে। উল্লেখযোগ্য যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এই প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে ২০০তকৈও অধিক ৰানৰ লক্ষ্য অতিক্ৰম কৰে। এই জয়ৰ সুবাদত বেংগালুৰুৱে এই বছৰৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ পইণ্ট তালিকাৰ শীর্ষ দুটা স্থানত স্থান লাভ কৰিছে। তালিকাত পঞ্জাব শীর্ষ স্থানত আছে। কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাবৰ বিৰুদ্ধে খেলিব। আনহাতে, তৃতীয় স্থানত থকা গুজৰাট টাইটানছে অহা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।