আমানতবিহীন কৃষি ঋণৰ সীমা ২ লাখ টকালৈ বৃদ্ধিৰ কথা ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে আমানতবিহীন কৃষি ঋণৰ সীমা এক লাখ ৬০ হাজাৰ টকাৰ পৰা দুই লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজি এখন বিবৃতি যোগে কয়, যে এই সিদ্ধান্তই কৃষকসকলৰ ওপৰত মুদ্রাস্ফীতি আৰু কৃষি সামগ্ৰীৰ বৰ্ধিত ব্যায়ৰ প্রভাৱ পৰাৰ কথাটো স্বীকাৰ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বেংকসমূহক তেওঁলোকৰ এলেকাৰ ভিতৰত থকা কৃষক আৰু ইয়াৰ অংশীদাৰসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।