ভাৰতীয় ৰিজার্ভ বেংকে আজি ৰেপ’ ৰেট হ্রাস কৰি ৫ দশমিক ২-৫ শতাংশ কৰিছে। ফলস্বৰূপে এছ ডি এফৰ হাৰ ৫ শতাংশ আনহাতে এম এছ এফৰ হাৰ ৫ দশমিক ৫ শতাংশ নির্ধাৰণ কৰিছে। আজি মুম্বাইত ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয় যে মুদ্রানীতি সমিতিয়ে সর্বসম্মতিক্রমে ৰেপ ৰেট হ্রাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ আৰু কয় যে আৰ বি আইয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ জি ডি পি বৃদ্ধিৰ অনুমান পূৰ্বৰ ৬ দশমিক ৮ শতাংশৰ পৰা ৭ দশমিক ৩ শতাংশলৈ বৃদ্ধি কৰিছে। আৰ বি আইয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে মুদ্রাস্ফীতিৰ পূর্বানুমান ২ দশমিক ৬ শতাংশৰ পৰা ২ শতাংশলৈ হ্রাস কৰিছে। ভাৰতীয় ৰপ্তানী সংস্থাসমূহৰ উমৈহতীয়া সংগঠনেও আজি ৰিজার্ভ বেংকৰ এই সিদ্ধান্তক আদৰণি জনায়।
Site Admin | December 5, 2025 8:08 PM | RBI
ভাৰতীয় ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট ৫ দশমিকৰ পৰা ২-৫ শতাংশলৈ হ্রাস