April 2, 2025 1:04 PM | RBI

printer

দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রকাশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰিছে যে দুহেজাৰ টকীয়া নোটসমূহৰ ৯৮.২-১ শতাংশ ইতিমধ্যে বেংকলৈ উভতি আহিছে আৰু মাত্ৰ ছহেজাৰ ৩৬৪ কোটি টকাৰ নোট জনতাৰ হাতত মজুত আছে। ২০২৩ চনৰ ১৯ মেত ৰিজাৰ্ভ বেংকে দুহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ ঘোষণা কৰিছিল । ২০২৩ চনৰ ৭ অক্টোবৰলৈ দুহেজাৰ টকীয়া নোটসমূহ জমা দিয়া বা সলনি কৰাৰ সুবিধা সকলো বেংকৰ শাখাসমূহত উপলব্ধ কৰা হৈছিল আৰু ২০২৩ চনৰ ৯ অক্টোবৰৰ পাছৰ পৰা ৰিজাৰ্ভ বেংকে দুহেজাৰ টকীয়া পুৰণি নোটসমূহ নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে। লগতে জনতাই ভাৰতীয় ডাক সেৱাৰ জৰিয়তে ৰিজাৰ্ভ বেংকলৈ পুৰণি দুহেজাৰ টকীয়া নোট প্ৰেৰণ কৰি নিজৰ বেংক একাউণ্টলৈ সেই ধনৰাশি প্ৰেৰণৰ সুবিধাও আগবঢ়াই অহা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।