January 21, 2026 12:18 PM | Raw Jute

printer

চৰকাৰে মৰাপাটৰ কলৰ বাবে কেঁচা মৰাপাট মজুতকৰণৰ সীমা বৃদ্ধি কৰাৰ বিপৰীতে অনুমোদিত মজুতকৰণৰ সীমা হ্ৰাস

চৰকাৰে মৰাপাটৰ কলৰ বাবে কেঁচা মৰাপাট মজুতকৰণৰ সীমা বা পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে ব্যৱসায়ী আৰু পাটৰ মুঠা বন্ধা ব্যৱসায়ীসকলৰ বাবে অনুমোদিত মজুতকৰণৰ সীমা হ্ৰাস কৰিছে।

এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে কল তথা MSME অর্থাৎ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে কেঁচা পাটৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে পাটৰ শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থর্থ সুৰক্ষিত কৰা। এই সন্দর্ভত শীঘ্রে অধিসূচনা জাৰি কৰা হব।

কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়া আৰু মৰাপাট আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে কেঁচা মৰাপাটৰ বৰ্ধিত দামৰ বিষয়টো পর্যালোচনা কৰে। শ্রী সিঙে মৰাপাটৰ কল আৰু MSMEৰ বাবে উদ্যোগৰ মসৃণ কাম-কাজৰ স্বাৰ্থত কেঁচা মৰাপাটৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে মৰাপাট আয়ুক্তক অনুমোদিত পৰিমাণতকৈ অধিক সামগ্রী জমা ৰখাসকলক ধৰা পেলাই সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্রী সিঙে কয় যে, কেঁচা মৰাপাটৰ বৰ্ধিত দামৰ সমস্যাৰ সন্মুখীন হোৱাত সহায় কৰিবলৈকেই চৰকাৰে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মৰাপাটৰ বেগৰ ক্ৰয় মূল্য ৭৪ টকাৰ পৰা ৮৭টকাৰ অধিকলৈ বৃদ্ধি কৰিছিল। এনে পদক্ষেপসমূহে মৰাপাট খেতিয়ক আৰু শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্রতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।