ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 8:37 PM | Ravi sankar

printer

বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ ভাবুকি সন্দৰ্ভত দেশৰ স্থিতি দাঙি ধৰাত সৰ্বদলীয় প্রতিনিধি দল সফল হৈছে – ৰবি শংকৰ প্ৰসাদ

বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে অপাৰেচন সিন্দূৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে।

পাটনাত সংবাদ মাধ্যমৰ আগত মন্তৱ্য কৰি শ্ৰী প্ৰসাদে কয় যে ১৪০ কোটি ভাৰতীয়ৰ স্বাৰ্থতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্রচেষ্টাত সকলো ৰাজনৈতিক দলৰ সাংসদসকলক জড়িত কৰাৰ সিদ্ধান্ত লৈছিল। শ্রী প্রসাদে কয় যে সর্বদলীয় প্রতিনিধি দলৰ এই কূটনৈতিক প্ৰসাৰৰ পদক্ষেপৰ জৰিয়তে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি আৰু সন্ত্ৰাসবাদৰ পৰা নিজৰ নাগৰিকক ৰক্ষা কৰাৰ অধিকাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁ লগতে কয় যে বৈঠকৰ সময়ত বিভিন্ন দেশৰ নেতা, চিন্তাবিদসকলে একেলগে সর্বদলীয় প্ৰতিনিধিৰ সন্মুখত পহলগামৰ বৰ্বৰ আক্ৰমণক নিন্দা কৰিছিল। শ্ৰী প্ৰসাদে কয় যে প্রতিনিধি দলটোৱে বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ ভাবুকি সন্দৰ্ভত দেশৰ স্থিতি দাঙি ধৰা লগতে পাকিস্তানক সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু বুলি প্ৰতিষ্ঠা কৰাত সফল হৈছিল। শ্ৰী প্ৰসাদে কয় যে এই প্ৰচেষ্টাই চৰকাৰ, সকলো ৰাজনৈতিক দল, দেশৰ বৈদেশিক নীতি আৰু ১৪০ কোটি জনতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একে মত পোষন কৰে বুলিও প্ৰমাণ কৰে ৷

অধিক পঢ়ক

সকলো চাওক