ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 8:06 PM | Ravi kota

printer

অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্য কোকৰাঝাৰত উপস্থিত ড° ৰবি কোটা

অসম বিধানসভাৰ বাজেট অধিবেশনৰ ১৭ ফেব্ৰুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হবলগীয়া কোকৰাঝাৰৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধায়িনী ভৱনত আজি মুখ্য সচিব ড° ৰবি কোটা উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যপালৰ ভাষণকে ধৰি প্ৰথম দিনাৰ কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বি টি চি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিব ড০ কোটাই এই এদিনীয়া অধিবেশনৰ প্ৰস্তুতি যুদ্ধকালীন ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ বি টি চিৰ প্ৰধান সচিব আকাশদ্বীপক নির্দেশ দিয়ে। তেওঁ বিধানসভাৰ সদস্যসকল আৰু মন্ত্ৰী-বিষয়াসকলৰ আসনৰ ব্যৱস্থা সুনিয়াৰি কৰা, সেইদিনা নিৰৱচ্ছিন্ন বিজুলী আৰু পানী যোগানৰ ব্যৱস্থা কৰা, ত্রুটিবিহীন শব্দপ্ৰক্ষেপনৰ ব্যৱস্থা কৰা আৰু আপ্যায়নৰ সুব্যৱস্থা কৰা সম্পৰ্কত সংশ্লিষ্ট সকলো বিভাগৰ সক্ৰিয় সহযোগিতা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্রীতম ব্ৰহ্ম চৌধুৰীয়ে জনোৱা মতে মুখ্য সচিবগৰাকীয়ে আজি বি টি চিৰ অধিবেশন কক্ষ, মন্ত্ৰী আৰু বিধায়িনী দলৰ দলপতিসকলৰ বাবে নিৰ্ধাৰিত কক্ষ আদি পৰিদৰ্শন কৰে। মুখ্য সচিবৰ সৈতে আজিৰ বৈঠকত বি টি চিৰ প্ৰধান সচিব আকাশদ্বীপৰ লগতে কোকৰাঝাৰৰ জিলা আয়ুক্ত এম এম পাৰ্টিন, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ সকলো বিভাগীয় সচিব আৰু সঞ্চালকসকলে অংশগ্রহণ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।