ডাউনলোড
মোবাইল এপ

android apple
signal

আজিৰে পৰা ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা অনুষ্ঠিত

 ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা আজিৰে পৰা অনুষ্ঠিত হৈছে। এই বিশ্ব বিখ্যাত ৰথ যাত্রা স্বচক্ষে প্রত্যক্ষ কৰাৰ উদ্দেশ্যে পুৰীত হাজাৰ হাজাৰ ভক্ত সমবেত হৈছে। আজি ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু ভগৱান বলভদ্ৰই ৯ দিনৰ বাবে ৰথযাত্ৰাৰ জৰিয়তে জগন্নাথ মন্দিৰৰ পৰা গুন্দিছা মন্দিৰলৈ যাব। দ্বাদশ শতিকাত নন্দী ঘোষ, তালধবজ আৰু দৰ্প দলন নামৰ তিনিখন ৰথৰ জৰিয়তে মন্দিৰৰ সিংহদ্বাৰৰ পৰা প্ৰথমবাৰৰ বাবে এই তিনিগৰাকী হিন্দু দেৱতাই গুন্দিছা মন্দিৰলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। পৰম্পৰা অনুসৰি ৰথযাত্ৰাৰ প্ৰাৰম্ভিক কাম-কাজ আজি পুৱা চাৰে ৯ বজাত আৰম্ভ হৈছে। ইয়াৰ পাছতে বিভিন্ন ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বিয়লি ৪ বজাত এই ৰথ যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। ৰীতি অনুসৰি ভগৱান বলভদ্ৰই তালধবজ ৰথেৰে প্ৰথমে যাত্ৰা কৰিব। ইয়াৰ পাছতে দর্পদলন ৰথত দেৱী সুভদ্ৰাই আৰু শেষত নন্দীযোঘ ৰথেৰে ভগৱান জগন্নাথে যাত্ৰাত ভাগ ল’ব। পুৰীৰ গ্ৰেণ্ড ট্ৰাংক ৰোডত হ’বলগীয়া এই ৰথযাত্রা সুকলমে সম্পন্ন কৰাৰ বাবে পুৰীৰ প্ৰশাসন আৰু আৰক্ষী বিভাগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক