ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হ‘ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা-কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি বৰ আখৰা অনুষ্ঠিত হ‘ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱ অনুষ্ঠিত হ‘ব।
মাজুলীৰ অর্ধ শতাধিক ৰাস মঞ্চত আজি কলা-কুশলীসকলে বৰ আখৰা কৰিব। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত কাইলৈ, পৰহিলৈ আৰু অহা ৬ নৱেম্বৰত কমলাকান্ত আতা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ‘ব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত ‘মাজুলীৰ ৰাস লীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান‘ শীর্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটিকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্রীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ‘ব। ৰাসৰ পৰিপ্ৰেক্ষিতত ৬ নবেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলাখনত ৰাস মহোৎসবৰ আয়োজন সন্দৰ্ভত আমাৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয় –
নলবাৰীৰ শ্রী শ্রী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। ৰাস মহোৎসৱৰ দ্বিতীয় দিনা অসম প্রকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ দীঘিৰপাৰত ১১ দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে। গোগামুখৰ লটাক ৰাস মঞ্চত এইবাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰিব।