ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2025 6:55 PM | Ras Mahtosav

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাস মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আজি আৰম্ভ হৈছে। মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে।

সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আজিৰে পৰা ৰাস মহোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আতা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলীৰ ৰাস লীলা, পৰম্পৰা, নান্দনিকতা আৰু প্রত্যাহ্বানশীর্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটীকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্রীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হব। ৰাসৰ পৰিপ্ৰেক্ষিতত ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে।

চৰাইদেউ জিলাৰ মোহনগাঁও ৰজাপুখুৰী বৰনামঘৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাস লীলা মহোৎসৱ অনুষ্ঠিত হব। মহোৎসৱৰ প্ৰথম দিনা ভাওনা আৰু ৬ আৰু ৭ নৱেম্বৰত মহাৰাস প্ৰদৰ্শন হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।