ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। মাজুলীত অহা ৪ নৱেম্বৰৰ পৰা ৰাস অনুষ্ঠিত হ‘ব। ৮ নৱেম্বৰ পৰ্যন্ত জিলাখনৰ কেইবাখনো মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাসৰ লগতে মহিলা শিল্পীৰ দ্বাৰা অভিনীত ৰাস পৰিৱেশন কৰা হ‘ব। উজনি মাজুলী ঐক্যমঞ্চই অহা ৪ নৱেম্বৰত প্ৰথম বাৰৰ বাবে দেউৰী ভাষাত ৰাস পৰিৱেশন কৰিব বুলি এখন সংবাদমেল যোগে প্রকাশ কৰে।
নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ৰাস মহোৎসৱ উদযাপন কৰা হ‘ব। এই মহোৎসৱৰ অংশ হিচাপে অহা ৬ নৱেম্বৰত ১০ হাজাৰ শিল্পীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিবেশন কৰি শ্রদ্ধা নিবেদন কৰিব। এই মহোৎসৱত জীৱন্ত ৰাস আৰু ভাওনা পৰিবেশন কৰা হ‘ব।
তামুলপুৰ জিলা সদৰৰ হৰি মন্দিৰ প্ৰাঙ্গনতো ৬৮ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে। এই মহোৎসৱত প্রিয় শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হব।
বাক্সা জিলাৰ নাওকাটাত অহা ৫ নৱেম্বৰৰ পৰা ৯ দিনীয়াকৈ পূব ডেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন কৰা হ‘ব। অনুষ্ঠানত ধর্মীয় কাৰ্যসূচীৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।