December 19, 2025 6:48 PM | Dr Ranuj pagu

printer

ধেমাজি জিলাৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রীৰ নিযুক্তিথলীৰ পত্ৰ বিতৰণ

ধেমাজি জিলা শিক্ষা বিভাগৰ অধীনত আজি আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তিথলীৰ পত্ৰ বিতৰণ কৰে। জিলাখনৰ মুঠ ২০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকে বাছনি কৰা শিক্ষানুষ্ঠানৰ বাবে নিযুক্তি দিয়া হয়।

জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সহযোগত ধেমাজি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্রী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্রীসকলক কর্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজৰ শিক্ষানুষ্ঠানখনত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে বিজ্ঞান শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ ধাউতি বঢ়াবৰ বাবে শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্রহণ কৰাৰ কথাও প্ৰকাশ কৰে। চৰকাৰে ইতিমধ্যে এহেজাৰ ৬০০ গৰাকী গণিত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডাঃ পেগুরে শিক্ষকৰ পদোন্নতিৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।