November 27, 2025 7:45 PM | Dr Ranuj pagu

printer

ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বর্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্র-ছাত্রীয়ে নামভর্তি কৰিছে। বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্রকাশ কৰে। ডাঃ পেণ্ডবে লগতে কয়, যে বর্তমান ৰাজ্যৰ চাহ বাগিচাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূর্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰা হৈছে বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। ডাঃ পেগুরে অনুমতিপ্রাপ্ত বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত আন এটা প্ৰশ্নৰ উত্তৰত কয়, যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম চৰকাৰৰ অনুমতিপ্রাপ্ত মুঠ ৪০২ খন অপ্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ক প্রাদেশিকীকৰণ আইন ২০১৭ আৰু সংশোধনী আইন ২০১৮ৰ প্ৰয়োজনীয় অৰ্হতা নোহোৱাৰ বাবে এই বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণৰ আওঁতাৰ বাহিৰত ৰখা হৈছে। আনহাতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সকলো মহবিদ্যালয়কে প্রাদেশিকীকৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই দ্বিতীয় এডভান্টেজ আছামত দেশী বিদেশী বিনিয়োগকাৰীৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত কয়, যে এই শীর্ষ সন্মিলনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে ২৯৭ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইতিমধ্যে ইয়াৰে ৭০ খন বুজাবুজিব চুক্তি কাৰ্য্যকৰী হৈছে।