ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় শিক্ষকৰ খালী হৈ থকা ৪ হাজাৰ ৫০০টা পদ পূৰণৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম আজি আৰম্ভ হৈছে। প্রথমে দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত ৪০২টা পদৰ বাবে উত্তীর্ণ প্রার্থীৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ‘ব। ইয়াৰ পাছতে অন্যান্য প্রার্থীসকলৰ নথি পৰীক্ষণ কৰা হ‘ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রকাশ কৰি কয়, যে অহা জানুৱাৰীৰ ভিতৰত নথি পৰীক্ষণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ফেব্ৰুৱাৰীলৈকে প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰা হ‘ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। উল্লেখযোগ্য যে নিম্ন প্রাথমিকত দুহেজাৰ ৯০০ আৰু উচ্চ প্রাথমিকত এহেজাৰ ৬০০ পদৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীত বিজ্ঞাপন প্রকাশ পাইছিল। ৪২ হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰাৰ পাছত এই প্ৰাৰ্থীসকলক বাছনি কৰা হয়।
Site Admin | November 17, 2025 1:11 PM | Dr Ranuj pagu
ৰাজ্যৰ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় শিক্ষকৰ ৪,৫০০টা পদ পূৰণৰ বাবে উত্তীর্ণ প্রার্থীৰ নথি পৰীক্ষণ আৰম্ভ