ডাউনলোড
মোবাইল এপ

android apple
signal

April 12, 2025 12:51 PM | Ranuj pagu

printer

চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্রকাশ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ উদ্বেগ প্রকাশ কৰিছে। ডাঃ পেগুৱে কালি এখন সংবাদমেলত অনাগত সময়ত এই দুই জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল ভাল কৰিবলৈ শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ কিছু নিম্নগামী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰীগৰাকীয়ে বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি বহুলভাৱে ৰূপায়ণ কৰাৰ পোষকতা কৰে। ডাঃ পেগুৱে এটা বাৰ্তাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক মাত্র ৩৬ দিনতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিহাৰৰ পিছতেই দেশৰ দ্বিতীয়খন পৰিষদ ৰূপে পৰিচিত হোৱাৰ বাবে অভিনন্দন জনায়। তেওঁ কয়, যে কম সময়ৰ ভিতৰতে ফলাফল ঘোষণাৰ ফলত বিহুৰ বন্ধৰ পাছতে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ ক্ষেত্ৰত মূল্যবান সময় ৰাহি হব। উল্লেখযোগ্য যে কালি ঘোষণা কৰা এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯-৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্রথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫ হাজাৰ ৮৬২ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হয়। ৮৫. ৫-৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্রথম স্থান, ৮১. ১-০ শতাংশৰে ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ৮০.৬-৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাই তৃতীয় স্থান দখল কৰে। ইপিনে ৪৭.৯-৬ শতাংশ উত্তীৰ্ণ হাৰেৰে শ্ৰীভূমি জিলা হতাশাজনক প্ৰদৰ্শনেৰে তালিকাৰ শেষত থাকে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিষী শ‍ইকীয়াই শীর্ষস্থান দখল কৰাৰ লগতে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তর্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অনিবান বৰগোঁহায়ে তৃতীয় স্থান লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক