ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2025 6:41 PM | Ranuj pagu

printer

ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীত ৰাজ্যত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা শিক্ষামন্ত্রীৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনৰ এহেজাৰ ৫০০ খন মাধ্যমিক বিদ্যালয়ত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে পর্যালোচনা বৈঠকত বিভিন্ন দক্ষতা পৰিষদে দিয়া পৰামৰ্শ অনুসৰি শিক্ষানুষ্ঠানৰ আদৰ্শ পাঠ্যক্ৰমত দক্ষতাৰ শিক্ষা অন্তর্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে চলিত বছৰৰ পৰাই মাধ্যমিক পাঠ্যক্ৰম দক্ষতা বিকাশৰ শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বর্ডে বিদ্যায়তনিক নীতি-নিৰ্দেশনাৰ সংস্কাৰ সাধন কৰি ছাত্ৰ-ছাত্ৰীয়ে বাচনি কৰিব পৰাকৈ বিভিন্ন দক্ষতা বিকাশৰ পাঠ্যক্ৰম ৰখাৰ ব্যৱস্থা কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে। প্রশিক্ষিত ব্যক্তিৰ দ্বাৰা আৰু অন্য শিক্ষানুষ্ঠানসমূহৰ সহযোগিতাত এই পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি সমগ্ৰ শিক্ষা অসমৰ শিক্ষা সেঁতু এপৰ কাম-কাজৰ পৰ্যালোচনা কৰে।