ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে সৰ্বশিক্ষা অভিযানে স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সৰ্বশিক্ষা অভিযানে এই পদক্ষেপ লৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি আনুষ্ঠানিকভাৱে এই স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাৰ জৰিয়তে একেৰাহে পাঁচদিন ধৰি বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা হ’ব। এই সতর্কবাণীসমূহ নিৰ্দিষ্ট পাঁচদিনৰ ব্যৱধানত স্বয়ংক্রিয়ভাৱে সৃষ্টি কৰা হ’ব আৰু বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ বা ছাত্ৰীগৰাকী পুনৰ বিদ্যালয়ত উপস্থিত নোহোৱা পৰ্যন্ত চলি থাকিব। এই মেছেজসমূহ একেলগে দুজন মূল অংশীদাৰলৈ প্ৰেৰণ কৰা হ’ব। বিদ্যালয়ৰ শ্ৰেণী শিক্ষকসকলে সংশ্লিষ্ট শিক্ষার্থীৰ নাম, শ্রেণী আদি স্পষ্টভাৱে উল্লেখ থকা বাৰ্তা লাভ কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে ছাত্র-ছাত্রীসকলক বিদ্যালয়লৈ ঘূৰাই আনিবলৈ অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পাৰিব। অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ অনুপস্থিতি সন্দৰ্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে সংক্ষিপ্ত বার্তা বাৰে বাৰে লাভ কৰি থাকিব। এই বার্তাসমূহ অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজীত প্ৰেৰণ কৰা হ’ব।
Site Admin | December 16, 2025 12:04 PM | ranoj pegu siksha app
ৰাজ্যৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাসৰ বাবে সৰ্বশিক্ষা অভিযানৰ স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা