ডাউনলোড
মোবাইল এপ

android apple
signal

টিৰাপ জনজাতীয় বেল্টৰ কেইবাটাও জনজাতীয় সংগঠনৰ সৈতে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু কালি জনতা ভৱনত অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বৰ উপস্থিতিত টিৰাপ জনজাতীয় বেল্টৰ কেইবাটাও জনজাতীয় সংগঠনৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত টিৰাপ জনজাতীয় বেল্টৰ টাংছা, ছেমা, ছিংফৌ আদি ক্ষুদ্ৰ জনজাতিৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। জনজাতীয় পৰিয়ালৰ ভূমিৰ পট্টা দিয়াৰ বাবে থকা চৰকাৰী নীতি সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে জনজাতীয় নেতৃত্বক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কালি বিটিআৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত দেখা দিয়া বিভিন্ন সমস্যা আৰু অন্যান্য শিক্ষা সম্বন্ধীয় বিষয়ত এবছুৰ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰে। এই বৈঠকত তেওঁ ৰাজ্য চৰকাৰে ৪০ খন বড়ো মাধ্যমৰ বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত এবছুৰ নেতৃত্বক অৱগত কৰে। তদুপৰি ওদালগুৰিত অতি সোনকালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন চৌহদ মুকলি কৰা হ’ব বুলিও তেওঁ বৈঠকত উল্লেখ কৰে। বড়ো শান্তি চুক্তিৰ অধীনত বিটিআৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে এবছুৰ নেতৃত্বত জনায়। মন্ত্ৰী ডাঃ পেগুৱে কালি অসমৰ ৭ খন স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ সৈতেও বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে ।