বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

বজালী জিলাৰ উচ্চশিক্ষাৰ অন্যতম প্রতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদটো আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মেধিকুছিত নিৰ্মাণৰত এই চৌহদ পৰিদৰ্শন কৰি ডাঃ পেগুৱে অহা বছৰৰ জানুৱাৰীত এই উন্নত শৈক্ষিক পৰিৱেশত বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক যাত্ৰা আৰম্ভ হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীক ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা আৰু পঞ্জীয়ক মঞ্জিত দাসে সংগ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।