ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন-পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিবলৈ চৰকাৰে লৈছে অভিনৱ পন্থাঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহৰ ৫০ শতাংশ পদত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সপক্ষে কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুক্তি দাঙি ধৰে। এই বিষয়টোক লৈ বিভিন্ন পক্ষই প্রতিবাদ সাব্যস্ত কৰিছে যদিও নতুন আৰু পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ বাবে চৰকাৰে অভিনৱ পন্থা লৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ৬৫ বছৰ পর্যন্তহে অৱসৰী অধ্যাপকসকলে এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কালি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দুগৰাকী অধ্যক্ষ আৰু ৫৯ জন সহকাৰী অধ্যাপকক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদানৰ পাছত এই কথা প্ৰকাশ কৰে৷ নতুনকৈ নিযুক্তিপ্রাপ্ত প্রার্থীসকলক উদ্দেশি মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁলোকে কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ মান উন্নত কৰাত আত্মনিয়োগ কৰিব লাগিব। কালি নিযুক্তিৰ পাছত ৰাজ্যত নিযুক্তিৰ সংখ্যা ১ লাখ ২১ হাজাৰ ২৪৩লৈ বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।