ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 21, 2024 7:20 PM | Ranjit das

printer

অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ পর্যালোচনা ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ সুবিধা হোৱাকৈ পৰ্যটক গৃহ বা হোম ষ্টে সমূহৰ বাবে মান সম্পন্ন বিধি যুগুত কৰিবলৈ পৰ্যটন বিভাগক বিভাগীয় মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নিৰ্দেশ দিছে। তদুপৰি পৰ্যটন ক্ষেত্ৰত বৰ্তমানে ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিভাগৰ অধীনৰ পৰ্যটন সঞ্চালকালয় আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ কামকাজ পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়াসকলক ৰাজ্যখনৰ পৰ্যটনক অধিক উজ্জীৱিত ৰূপত তুলি ধৰি অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায়। আজি পৰ্যটন সঞ্চালকালয়ত এই বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে পৰ্যটন সঞ্চালকালয় পৰিদৰ্শন কৰাৰ উপৰি অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয় পৰিদৰ্শন কৰে।