ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 19, 2024 9:15 PM | ranjeet das reson card

printer

ৰাজ্যত পুনৰ ১৯ লাখতকৈও অধিক লোকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা

ৰাজ্যত আজিৰে পৰা পুনৰ ১৯ লাখতকৈও অধিক লোকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে। এই উপলক্ষে পাঠশালাত আয়োজিত অনুষ্ঠানত আজি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলক প্ৰদান কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড প্ৰদানৰ সমগ্ৰ ব্যৱস্থাটোত আলোকপাত কৰি কয় যে, ৫৫ লাখতকৈ অধিক ভুৱা ৰেচন কাৰ্ড বাতিল কৰাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উল্লেখনীয় সফলতা। বিগত সময়ত ৪২ লাখতকৈও অধিক প্রকৃত হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী দাসে কয় যে, পৰৱৰ্তী কেবিনেটত ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুঁৱৰীটোলত মন্ত্ৰী কেশৱ মহন্তই স্থানীয় নতুন হিতাধিকাৰীসকলক ৰেচন কাৰ্ড প্ৰদানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।