গছ-বিৰিখে কুঁহিপাত সলাই, কুলি-কেতেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজ-পাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে, ভৌগালিক সূচাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে বহিঃৰাজ্যত প্ৰস্তুত কৰা যন্ত্রচালিত শালত প্ৰস্তুত কৰা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে, ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্রায় অন্তিম পৰ্যায়ত উপনীত হৈছে। ইপিনে, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যব বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত অমৃত উদ্যানত ৪ দিনীয়া কাৰ্যসূচীৰে অসমী ব’হাগী মেলাৰ আয়োজন কৰা হৈছে। ১২ এপ্ৰিললৈকে চলিবলগীয়া এই ব’হাগী মেলাৰ কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পুস্পাঞ্জলি দাসে শুভাৰম্ভ কৰে। আত্মসহায়ক গোটৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন নিৰ্ধাৰিত বজাৰ দিয়াৰ উদ্দেশ্যৰে এই মেলাসমূহৰ আযোজন কৰা হৈছে। ডিমা হাচাও জিলাৰ হাফলঙৰ লালফিল্ডতো ব’হাগী মেলাব আয়োজন কৰা হৈছে। অহা ১১ এপ্ৰিললৈকে চলিবলগীয়া এই ব’হাগী মেলাত পাহাৰীয়া জিলাখনৰ জনজাতীয় সামগ্ৰীসমূহ উপলব্ধ হ’ব।
Site Admin | April 10, 2025 11:46 AM | rangali bihu assam
ৰঙালী বিহুলৈ মাজত ৩ দিন বাকী; ৰাজ্যৰ চৌদিশে উৎসৱমুখৰ পৰিৱেশ
