ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে বুলি ৰনধীৰ জয়চোৱালৰ মন্তব্য

ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়চোৱালে কয় যে একেসময়তে সন্ত্ৰাসবাদ আৰু আলোচনাৰ কথা চলিব নোৱাৰে। তেওঁ লগতে কয় যে ভাৰতে কিছু বছৰ পূৰ্বে পাকিস্তানক দিয়া সন্ত্ৰাসবাদীৰ তালিকাখন ভাৰতৰ হাতত অৰ্পন কৰা সন্দৰ্ভত নতুন দিল্লীয়ে আলোচনা মুকলি কৰি ৰাখিছে। তেওঁ কয় যে জম্মু-কাশ্মীৰ সন্দৰ্ভত কিবা আলোচনা অনুষ্ঠিত হলে, সেই আলোচনা কেৱল পাক অধীকৃত কাশ্মীৰ সন্দৰ্ভৰ্তহে হব। সিন্ধু জল চুক্তি সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে সীমান্তৰ সন্ত্রাসবাদক পাকিস্তানে সমর্থন দি থকা পর্যন্ত এই চুক্তি স্থগিত ৰখা হব। মুখপাত্ৰগৰাকীয়ে কয় যে সন্ত্রাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ কথা বিশ্বসম্প্ৰদায়ৰ আগত দাঙি ধৰিবলৈ ভাৰতে সর্বদলীয় প্রতিনিধি দল গঠন কৰিছে। বিশ্বৰ ৩৩ খন দেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু সীমান্তত সন্ত্রাসবাদক উনি দিয়া ৰাষ্ট্ৰৰ বিষয়ে অৱগত কৰাবলৈ প্ৰতিনিধি দলসমূহক দায়িত্ব দিয়া হৈছে। এই ৩৩ খন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ আছে আৰু এইসমূহ দেশৰ বেছি সংখ্যকেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।