বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তিও নির্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয় যে ভিন ভিন যুগৰ অসমৰ যুগনায়কসকলৰ প্ৰতিমূৰ্তিত প্রাণ সঞ্চাৰ কৰিবলৈ ব্যক্তিগত আন্তৰিক প্ৰচেষ্টাৰে জড়িত হোৱাটোৱে শিল্পীগৰাকীৰ কৰ্মৰ পৰিসৰ আৰু ব্যতিক্রমী শিল্পী সত্তাৰ পৰিচয় বহন কৰিছিল। ৰাম সুতাৰৰ বিয়োগত দেশে এগৰাকী মহান শিল্পীক হেৰুওৱা বুলিও তেওঁ মন্তব্য কৰে।
Site Admin | December 18, 2025 6:47 PM | CM
বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ