বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে শিল্পী ৰাম সুতাৰে ভাস্কৰ্য শিল্পৰে দেশৰ কলা আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। শ্রীমতী মুর্মুবে কয়, যে প্রয়াত সুতাৰৰ ভাস্কর্য শিল্পসমূহে বিশেষকৈ একতাৰ মূৰ্তিয়ে দেশৰ চহকী কলা ঐতিহ্যক প্রতিনিধিত্ব কৰিছে। প্রয়াত শিল্পীগৰাকীৰ পৰিয়াল আৰু তেওঁৰ গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰি শ্রী মতী মুর্মুৱে কয়, যে প্ৰয়াত সুতাৰৰ শিল্পকর্মই প্ৰজন্মৰ পাছত প্রজন্মক উদ্বুদ্ধ কৰি থাকিব।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে প্ৰয়াত ৰাম সুতৰে ভাৰতীয় শিল্পকলালৈ অনবদ্য অবদান আগবঢ়াইছে। তেওঁৰ উল্লেখযোগ্য অবদানসমূহৰ ভিতৰত পৃথিৱীৰ সবাটোকৈ ওখ ভাস্কর্য একতাৰ মূৰ্তি, মহাত্মা গান্ধী আৰু ছত্রপতি শিৱাজী মহাৰাজৰ প্ৰতিমূর্তি আদিৰ কথাও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্রী ৰাধাকৃষ্ণনে কয়, যে, প্রয়াত শিল্পীগৰাকীয়ে সৃষ্টিশীল আৰু উৎসর্গীকৃত মনোভাবেৰে কলাৰ পৃথিৱীখনত কাম কৰিছিল আৰু ইয়ে ভৱিষ্যৎ প্রজন্মক উদ্বুদ্ধ কৰিব। ৰাম সুতাৰৰ শিল্পকর্মই ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু বুৰঞ্জীক প্রতিফলিত কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রয়াত ভাস্কর্যশিল্পী ৰাম সুতাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, যে প্ৰয়াত সুতাৰৰ শিল্পকর্মই ভাৰতীয় সংস্কৃতি, সামুহিক শক্তি, বুৰঞ্জী আদিক প্ৰতিফলিত কৰিছে। তেওঁৰ শিল্পকর্মই দেশবাসীক অনুপ্রাণিত কৰি থাকিব বুলি প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাস্কর্য শিল্পী ৰাম সুতাৰৰ মৃত্যুত গভীৰ দুখ প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী শ্বাহে কয়, যে সুতাৰৰ মৃত্যু ভাৰতীয় কলা-সংস্কৃতিৰ জগতত অপূৰণীয় ক্ষতি হৈ ৰ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাম সুতাৰে অজন্তা আৰু ইলোৰাৰ ভাস্কৰ্যসমূহ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিছিল।