ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 11:46 AM | Raksha Bandhan

printer

ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

 সমগ্ৰ দেশজুৰি আজি ভাতৃ আৰু ভগ্নীৰ মাজৰ বিশেষ বান্ধোনৰ উৎসৱ ৰাখীবন্ধন উদযাপন কৰা হৈছে। এই দিনটো ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে। ভাতৃসকলেও তেওঁলোকৰ ভগ্নীৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে উপহাৰ দিয়ে।  

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৱিত্ৰ ৰাখীবন্ধনে ভাতৃ আৰু ভগ্নীসকলৰ মাজত স্নেহ আৰু বিশ্বাসৰ অনন্য বান্ধোনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই উত্সৱে সমাজৰ বাবে সমন্বয় আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই ৰাখীবন্ধনে মানৱীয় প্ৰমূল্য আৰু ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ সুবিধা প্ৰদান কৰাই নহয় বৰং মহিলাসকলক সন্মান কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰতিগৰাকী লোককে সবল কৰি তোলে। শ্ৰীমতী মুৰ্মুৱে মহিলাসকলে সুৰক্ষিত অনুভৱ কৰাকৈ এখন সমৃদ্ধিশালী দেশ গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক