ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 9:49 PM | Rakhi Bandhan

printer

ৰাজ্যজুৰি ভাতৃ-ভগ্নীৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন আজি দেশজুৰি পালন কৰা হৈছে। এই উপলক্ষে ভগ্নীসকলে পৰম্পৰাগত ৰীতি অনুসৰি ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়। ৰাখী বন্ধন উপলক্ষে আজি গোৱালপাৰা জিলাৰ শাস্ত্ৰী নগৰত থকা চি আৰ পি এফৰ ১৫২ নম্বৰ শিবিৰত প্রজাপিতা ব্ৰহ্মকুমাৰী ভগ্নীসকলে জোৱানসকলক ৰাখী পিন্ধায়। একেদৰে বিজেপিৰ গোৱালপাৰা চহৰ মণ্ডলৰ সভানেত্রী অপৰূপা নাথৰ নেতৃত্বত মহিলাসকলে আৰক্ষী আৰু গোৱালপাৰাৰ সাংবাদিকসকলক ৰাখী পিন্ধায়। দক্ষিণ শালমাৰা মানকাচৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি উলহ-মালহেৰে এই উৎসৱ পালন কৰা হয়। দেশৰ নিৰাপত্তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলক মহিলাসকলে ৰাখী পিন্ধাই এই দিৱস পালন কৰে । উল্লেখযোগ্য যে জিলাখনৰ সীমান্ত চেতনা মঞ্চই প্ৰতিবছৰে এই কাৰ্যসূচী পালন কৰি আহিছে। পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছ’ৰ লাংপি শিশু বিদ্যা নিকেতনৰ শিক্ষার্থীসকলে আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ ডেল্টা কোম্পানীৰ জোৱানসকলক ৰাখী পিন্ধায় । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাখী বন্ধন উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে । সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰীয়ে কয়, যে বৰ্তমান চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী ভগ্নীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।