December 16, 2025 8:20 PM | Rajaysabha

printer

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ সামৰণি

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ আজি সামৰণি পৰে। আলোচনাত অংশগ্রহণ কৰি এন চি পিৰ প্ৰফুল পেটেলে কয়, যে ই ভি এম নির্বাচনত পূৰ্বতেও ব্যৱহাৰ হৈছিল আৰু ই ভি এমৰ সৈতে জালিয়াতি কৰাৰ কোনো প্রমাণ নাই। তেওঁ কয়, যে নির্বাচন আয়োগে ই ভি এমত কেনেকৈ জালিয়াতি কৰিব পাৰি তাক প্রমাণ কৰিবলৈ মুকলিভাৱে প্রত্যাহ্বান জনাইছিল যদিও কোনো আগবাঢ়ি অহা নাই। ভোটদানৰ অধিকাৰ জনসাধাৰণ, দেশ আৰু গণতন্ত্ৰৰ শক্তি বুলি তেওঁ মন্তব্য কৰে।

তৃণমূল কংগ্ৰেছৰ ডেবিক অব্রায়েনে কয়, যে গৃহ মন্ত্ৰীয়ে ইংৰাজী বর্ণমালাৰ ডি আখৰেৰে যোৱা তিনিটা শব্দ ডিটেক্ট, ডিলিট আৰু ডিপার্ট অর্থাৎ অযোগ্য ভোটদাতাক চিনাক্ত কৰা, তেনে ভোটদাতাৰ নাম তালিকাৰ পৰা কর্তন কৰা আৰু অবৈধ বিদেশী নাগৰিকসকলক বিতাৰণ কৰাই ভোটাৰ তালিকাৰ সংশোধনৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰিছে। জনসাৰণৰ বিভাজন, মনোযোগ অন্যফালে ঢাল খুওৱা আৰু পৰাজিত কৰাহে ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনৰ প্ৰকৃত উদ্দেশ্য বুলি তেওঁ অভিযোগ তোলে।

উচ্চ সদনৰ নেতা জে পি নাড্ডাই আলোচনাত ভাগ লৈ কয়, যে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন নির্বাচন আয়োগৰ সংবিধান প্রদত্ত ক্ষমতাৰ আওতাৰ ভিতৰৰ বিষয়। তেওঁ কয়, যে সময়ে সময়ে ভোটাৰ তালিকাৰ সংস্কাৰ কৰাটো নির্বাচন আয়োগৰ কর্তব্য। কোনো যোগ্য ভোটদাতাৰ নাম ভোটাৰ তালিৰ পৰা বাদ নপৰাটো আৰু কোনো অযোগ্য ভোটদাতাৰ নাম তালিকাত অন্তর্ভুক্ত নোহোৱাটো সুনিশ্চিত কৰাটো সংবিধানৰ উদ্দেশ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে নির্বাচন আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ দৰে সাংবিধানিক নিকায়সমূহ দেশৰ গণতন্ত্ৰৰ ভেটিস্বৰূপ। তেওঁ কয়, যে এই প্রতিষ্ঠানসমূহ শক্তিশালী হলে গণতন্ত্ৰৰ শিপাও গভীব হয়। কংগ্ৰেছক আক্রমণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দলটোৱে ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনৰ বিৰুদ্ধেদ চলোৱা অভিযান ব্যর্থ হৈছে আৰু বিহাৰ বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলে সেই কথা প্রমাণ কৰিছে। নাড্ডাৰ মন্তব্যৰ পাছতে নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ সামৰণি পৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।