ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 12:54 PM | Rajya Sabha

printer

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ ৰাজ্যসভাৰ উপাধ্যক্ষৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে কালি নতুন দিল্লীৰ সংসদ ভৱনত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ মুক্ত বাণিজ্য চুক্তি অতি সোনকালে স্বাক্ষৰিত হ’ব বুলি আশা প্রকাশ কৰে। বৈঠকত ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ নৃশংস হত্যাকাণ্ডৰ পাছত জুনত ব্রাচেলছলৈ সংসদৰ সৰ্বদলীয় প্রতিনিধি দলৰ ভ্ৰমণৰ কথা সুঁৱৰে। উভয় পক্ষৰ মাজত চলি থকা নিয়মীয়া সংসদীয় বিনিময়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ সহযোগিতা ত্বৰান্বিত হোৱাকে সূচায় বুলি তেওঁ মন্তব্য কৰে। ইউৰোপীয় সংঘৰ দলটোৰ সৈতে অহা সাংবাদিকৰ এটা দলে কালি ভাৰতীয় জৰুৰীকালীন কম্পিউটাৰ সঁহাৰি দলৰ সঞ্চালকপ্রধান ড০ সঞ্জয় বাহালকো সাক্ষাৎ কৰে। সাক্ষাৎকালত সঞ্চালকপ্ৰধানগৰাকীয়ে ভাৰতৰ চাইবাৰ সুৰক্ষা পৰিৱেশ তন্ত্র ৪০০টা স্টার্টআপ আৰু এইক্ষেত্ৰৰ প্ৰায় চাৰে ৬ লাখ কর্মীৰে ক্ৰমে শক্তিশালী হৈ উঠিছে বুলি মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত ইলেকট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্র্যালয় আৰু ভাৰতীয় জৰুৰীকালীন কম্পিউটাৰ সঁহাৰি দলে এই সাক্ষাতৰ আয়োজন কৰিছিল।