ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়ঃ ৰাজনাথ সিঙ

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। তেওঁ কয় যে, দেশৰ সেনা বাহিনী সীমান্তত দৃঢ়তাৰে থিয় দি আছে। তেওঁ লগতে শান্তিপূর্ণ সমাধানৰ বাবে অব্যাহত থকা আলোচনা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ সেনা কমাণ্ডাৰসকলে সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। পশ্চিম সীমান্তত সেনা আৰু সুৰক্ষা বাহিনীৰ প্ৰয়াসৰ শলাগ লৈ শ্ৰীসিঙে সীমান্তৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী যুজ আৰু প্ৰয়োজনৰ সময়ত অসামৰিক প্ৰশাসনলৈ আগবঢ়োৱা সহায়ৰ ক্ষেত্ৰত সেনা বাহিনীৰ ভূমিকাত আলোকপাত কৰে। তেওঁ কয় যে, জম্মু কাশ্মীৰত সুৰক্ষা বলৰ সমন্বিত অভিযানৰ বাবে অঞ্চলটোলৈ সুস্থিৰতা ঘুৰি আহিছে আৰু এনে অভিযান আগলৈও অব্যাহত থকা উচিত। হাইব্রীড যুজসহ অপৰম্পৰাগত যুদ্ধ ভৱিষ্যতৰ পৰম্পৰাগত সমসজ্জাৰ অংশ হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সন্মিলনত ভাৰতীয় সেনাৰ শীৰ্ষ নেতৃবৰ্গই বৰ্তমানৰ সুৰক্ষা পৰিস্থিতি সীমান্তৰ পৰিস্থিতি তথা সম্প্ৰতিক প্ৰত্যাহ্বানৰ সকলো দিশৰ বিষয়ে আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।