October 31, 2025 8:08 PM | Rajnath Singh

printer

দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কালি কোৱালালামপুৰত উপস্থিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে কালি কোৱালালামপুৰত উপস্থিত হয়। শ্রীসিঙে কাইলৈ আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ দ্বাদশ বৈঠক এ ডি এম এম প্লাছত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয় যে তেওঁ আজি আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্রী পিটে হেগছেথৰ সৈতে বৈঠক মিলিত হয়। বৈঠকত দুয়ো পক্ষই প্ৰতিৰক্ষা ক্ষেত্ৰত থকা সহযোগিতা অধিক শক্তিশালী কৰিবলৈ দৃঢ়প্রতিজ্ঞ হয়। শ্রীসিঙে কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত আৰু শৃংখলিত কৰি গঢ়ি তুলিবলৈ এই অংশীদাৰিত অতি গুৰুত্বপূর্ণ। দুয়োখন দেশৰ ক্ৰমবৰ্দ্ধমান কৌশলগত বিনিয়োগ আৰু শক্তিশালী পৰিকাঠামো গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ সহযোগিতাই এটা নতুন দশকৰ আগজাননী দিব বুলিও ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।