October 23, 2025 12:16 PM | Rajnath Singh

printer

অপাৰেচন সিন্দুৰ দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী- ৰাজনাথ সিঙ

অপাৰেচন সিন্দুৰে দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে।

পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰপৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ চৰকাৰৰ সংকল্পকো অপাৰেচন সিন্দুৰে পুনৰ দৃঢ় কৰিছে। civil military fusion as a metric of national power and comprehensive security শীর্ষক লেফটেনেন্ট জেনেৰেল ৰাজ শুক্লাৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি শ্রী সিঙে নতুন দিল্লীত কালি এইদৰে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে দেশৰ কৌশলগত স্বায়ত্ব শাসন নিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ বাবে সাজু সশস্ত্র বাহিনী গঢ়ি তোলাৰ বাবে কেবাটাও সাহসী আৰু নিৰ্ণায়ক সংস্কাৰ হাতত লোৱা হৈছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাষণ প্রসংগত তেওঁ কয় যে অসামৰিক- সামৰিক সংযোজন তেতিয়াহে সম্ভৱ যেতিয়া দেশৰ অসামৰিক উদ্যোগ, ব্যক্তিগত খণ্ড, শিক্ষাবিদ আৰু প্ৰতিৰক্ষা খণ্ডৰ মাজত এক উমৈহতীয়া ৰাষ্ট্ৰীয় উদ্দেশ্যৰ বাবে সমন্বয় স্থাপন কৰা হব।