October 23, 2025 12:20 PM | Rajnath Singh

printer

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কাইলৈ জয়ছলমেৰলৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ জয়ছলমেৰলৈ যাব। তাত তেওঁ সেনা কামাণ্ডৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেচন সিন্দূৰৰ পাছত মৰুভূমিৰ নগৰখনত প্ৰথমবাৰৰ বাবে এনে সম্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্রত্যাহ্বানসমূহৰ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে সেনাৰ শীর্ষ বিষয়াসকল একত্ৰিত হোৱাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই সন্মিলনত সেনাৰ মুৰববী আৰু শীর্ষ কামাণ্ডৰসকলে দেশৰ নিৰাপত্তাৰ বিভিন্ন দিশৰ লগতে আধুনিক যুদ্ধ কৌশল তথা প্ৰতিৰক্ষা অভিযাসমূহত ব্যৱহাৰ কৰিবলগীয়া আধুনিক প্রযুক্তি সন্দৰ্ভত বিতংভাবে আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লংগেৱালা সীমান্ত ছাউনী পৰিদৰ্শন কৰিব আৰু ১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত ছহিদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰিব। তেওঁ লগতে সেনা যুদ্ধ সংগ্রহালয়ো পৰিদৰ্শন কৰিব। এই ভ্রমণৰ সময়তেই শ্রীসিঙে সৌর্য পার্ক আৰু কেকটাছ পার্ক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি সেনাবাহিনীৰ সাহস আৰু ঐতিহাসিক বীৰগাথা বর্ণনা কৰা শব্দ আৰু পোহৰ প্ৰদৰ্শনী মুকলি কৰিব।