প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয়, যে দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে বৰ্তমানৰ ২৪ হাজাৰ কোটি টকাৰ পৰা ২০২৯ চনৰ ভিতৰত ৫০ হাজাৰ কোটি টকা স্পর্শ কৰিব। তেওঁ কয়, যে ১১ বছৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি মাত্র ৬০০ কোটি টকা আছিল। ভাৰত অচিৰেই বিশ্বৰ প্ৰতিৰক্ষা কাৰখানাত পৰিণত হ’বলৈ অগ্ৰসৰ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালি হায়দৰাবাদত তিনিদিনীয়া জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা- জিটো কানেক্ট প্রদর্শনী মুকলি কৰে। অনুষ্ঠানত কেন্দ্রীয় কয়লা আৰু খনিমন্ত্রী জি. কিষাণ ৰেড্ডীও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে প্ৰতিৰক্ষা খণ্ডকে ধৰি আন সকলো খণ্ডই স্বাৱলম্বিতা অৰ্জনৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয়, যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে প্ৰতিৰক্ষা ব্যৱস্থাত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা সম্ভৱ হৈছে আৰু তেজছ লাইট কম্বেট এয়াৰক্ৰাফ্টৰ ৬৪ শতাংশই ভাৰতত নির্মিত। ২০৩০ চনৰ ভিতৰত দেশ বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’বলৈ অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে ভাৰতে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত পুতলাৰ পৰা আৰম্ভ কৰি টেংকলৈকে সকলো সামগ্রী নিজস্বভাবে উৎপাদন কৰি আহিছে।
Site Admin | October 4, 2025 12:29 PM | Rajnath Singh
দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২০২৯ চনৰ ভিতৰত ৫০,০০০ কোটি টকা স্পর্শ কৰিব বুলি ৰাজনাথ সিঙৰ প্ৰকাশ