কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে, যে ভাৰতে শান্তি-শৃংখলা বৰ্তাই ৰখাত বিশ্বাস ৰাখে যদিও কোনো সন্ত্রাসবাদী সংগঠনে যদি হিংসাৰ পথ লৈ ভাৰতক আক্ৰমণ কৰিবলৈ বিচাৰে, তেন্তে সেই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। মধ্য প্ৰদেশৰ মহুত অৱস্থিত আৰ্মী ৱাৰ কলেজত দিয়া এক ভাষণত মন্ত্ৰীজনে কয়, যে সংঘৰ্ষৰ পৰিস্থিতিৰ মাজতো আলোচনাৰ সুযোগ প্ৰদান কৰাৰ সুবিধা থাকে আৰু ভাৰতে সদায় শান্তি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ লগতে কয়, যে ভাৰতে কেতিয়াও নিজৰ ফালৰ পৰা যুদ্ধ আৰম্ভ কৰাৰ পক্ষপাতী নহয়। মন্ত্ৰীজনে ৰণ সংবাদ নামেৰে অভিহিত এই সন্মিলনখনত উপস্থিত থাকি সামৰিক বাহিনীৰ ব্যক্তিসকলক লগ কৰি সুৰক্ষা আৰু নীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত আনিব পৰা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰে। দেশৰ সামৰিক ব্যৱস্থা ৰক্ষা কৰাৰ ক্ষেত্ৰত কেৱল সীমাত মোতায়েন হৈ থকা সৈন্য বাহিনীয়েই নিজৰ দায়িত্ব পালন কৰা নাই। তেওঁলোকৰ লগতে নতুন প্রযুক্তিবিদ্যাৰ বিকাশ ঘটোৱা বিজ্ঞানীসকল, অস্ত্র-শস্ত্ৰ নিৰ্মাণত আগভাগ লোৱা দেশৰ উদ্যোগপতিসকল আৰু অনাগত সময়ত যুদ্ধ কৌশলত পাৰ্গত হিচাপে আগবাঢ়িবলগীয়া নৱ প্ৰজন্ম গঢ়ি উলিওৱা শিক্ষকসকলেও নিজৰ ভূমিকা সুন্দৰভাৱে পালন কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰীজনে কয়, যে দেশৰ নাগৰিকসকলৰ একতা, একনিষ্ঠতা আৰু অংগীকাৰৱদ্ধ হৈ দেশখনক আগুৱাই নিব লাগিব। এই দৃষ্টিভংগীৰে আমি ২০৪৭ বৰ্ষলৈকে ভাৰতবৰ্ষক উন্নতিৰ শিখৰলৈ লৈ যাবলৈ সক্ষম হ’ম বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | August 27, 2025 8:55 PM | RAJNATH SING
ভাৰতে সদায় শান্তি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে বুলি ৰাজনাথ সিঙেৰ মন্তব্য
