ডাউনলোড
মোবাইল এপ

android apple
signal

July 3, 2025 8:26 PM | Rajnath Singh

printer

এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন প্ৰতিৰক্ষা ক্ৰয় পৰিষদৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত প্ৰতিৰক্ষা ক্ৰয় পৰিষদে থলুৱা উৎসৰ পৰা এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। সেই অনুসৰি বৈদ্যুতিন যুদ্ধ প্রণালী, সেনাবাহিনীৰ তিনিওটা শাখাৰ বাবে সংহত উমৈহতীয়া দ্রব্য তালিকা ব্যৱস্থাপনা প্রণালী, ভূপৃস্থৰ পৰা আকাশ মাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ আৰু বৰ্মসজ্জিত বাহন ক্ৰয়ৰ প্ৰস্তাৱত অমোদন দিয়া হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই প্ৰস্তাৱসমূহে উন্নত যোগান শৃংখলা ব্যৱস্থাপনা, ফলপ্রসূ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিব আৰু সশস্ত্র বাহিনীসমূহৰ অভিযানৰ প্ৰস্তুতি সুদৃঢ় কৰিব। চাবমেৰিন বিধ্বংসী মুৰ্ড মাইন, সামুদ্রিক মাইন ধৰা পেলাই ধংস কৰিব পৰা মাইন কাউণ্টাৰ মিজাৰ জাহাজ, ছুপাৰ ৰেপিড গান মাউণ্ট আৰু পানীৰ তলত চলাচল কৰা বিশেষ বাহন ক্ৰয়ৰ প্ৰস্তাৱতো ক্ৰয় পৰিষদে অনুমোদন দিছে। এই সামগ্ৰীসমূহৰ ক্ৰয়ৰ জৰিয়তে নৌ সেনা বাহিনী আৰু ব্যৱসায়িক জাহাজৰ সম্ভাব্য বিপদাশংকা কম কৰিব পৰা যাব ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।