ডাউনলোড
মোবাইল এপ

android apple
signal

May 5, 2025 1:05 PM | Rajnath Singh

printer

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে আজি ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ এটা বিবৃতি মতে এই বৈঠকত দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত নিজৰ মত আৰু ধাৰণাৰ বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব। উল্লেখযোগ্য যে, ভাৰত আৰু জাপানৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্বন্ধ অক্ষুন্ন আছে।
দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয় দুটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে । বিগত ৬ মাহৰ ভিতৰত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত এয়া দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ নৱেম্বৰত এনে বৈঠক অনুষ্ঠিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।