প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অনাগত দিনত মহাকাশ খণ্ড অভূতপূৰ্ব বিকাশৰ সাক্ষী হ’ব বুলি উল্লেখ কৰি ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত গুৰুত্ব প্ৰদান কৰে। কালি কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত ভাৰতীয় বায়ুসেনাৰ ইনষ্টিটিউট অফ এৰ’স্পেচ মেডিচিন, আই এ এম পৰিদৰ্শন কৰি শ্রীসিঙে বিমান আৰু মহাকাশ যাতায়াতৰ ধাৰাবাহিক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মহাকাশ চিকিৎসা বিজ্ঞানৰ বিশেষ ব্যুৎপত্তিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে । ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠান আই এ এম পৰিদৰ্শন কৰা শ্ৰীৰাজনাথ সিং হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্রী। মহাকাশত যাত্ৰীসকলে সন্মুখীন হোৱা ক্ষুদ্ৰ মধ্যাকাষণ, বিকিৰণ আদিৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মুখামুখি হোৱাৰ লগতে শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰো মোকাবিলা কৰাৰ ক্ষেত্ৰত মহাকাশ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷
মহাকাশ খণ্ডত আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আই এ এমৰ বৰঙণিৰ প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে মহাকাশ চিকিৎসাৰ উপৰিও আই এ এমে ক্রিউ মড্যুল আৰ্হি আৰু বিকাশৰ বিভিন্ন দিশৰ বাবে এৰ’ চিকিৎসা পৰামৰ্শ প্ৰদান কৰে। অনাগত দিনত মহাকাশ খণ্ডত অভূতপূর্ব বিকাশৰ সাক্ষী হ’বলৈ গৈ থকাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্য পূৰণত মুখ্য ভূমিকা গ্ৰহণ কৰিব।