বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। নতুন দিল্লীত অনুষ্ঠিত মন্থন ২০২৫ শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে যদিহে ৰাষ্ট্রৰ স্বাৰ্থত কাম কৰা যায়, তেন্তে ২০৪৭ চনৰ ভিতৰত দেশে আশানুৰূপ লক্ষ্যত উপনীত হ’ব। শ্ৰী সিঙে ২০৩৫ চনৰ ভিতৰত লক্ষ্যত উপনীত হ’বলৈ আৰু ভাৰতক উন্নত স্থানলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰে কাম কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা বিষয়াসকলক আহ্বান জনায় ৷ তেওঁ আই ডি ই এছৰ বিষয়াসকলে দ্বৈত দায়বদ্ধতা সফলতাৰে পুৰণ কৰাৰ বাবে প্ৰশংসা কৰি কয়, যে সশস্ত্ৰ সেৱাৰ সহযোগত ৬১ টা কেন্টনমেণ্টত বাস কৰা সাধাৰণ নাগৰিকসকলৰ কল্যাণৰ বাবে ১৮ লাখ একৰতকৈও অধিক প্ৰতিৰক্ষা ব্যৱস্থাপনা গ্রহণ কৰিছে । এই অনুষ্ঠানত বায়ু সেনাৰ মুৰব্বী মাৰ্ছেল অমৰ প্ৰীত সিং আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰো উপস্থিত আছিল।
Site Admin | September 18, 2025 10:02 PM | RAJNATH SING
বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
