প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়। বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্ত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অপাৰেশ্বন সিন্দূৰৰ সফলতাৰ বিষয়ে আলোকপাত কৰি তেঁও কয় যে এই অভিযানে দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতাৰ উজ্বল নিদর্শন। তেওঁ লগতে কয় যে দেশৰ সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ভূমিত থলুৱা সজুলী ব্যৱহাৰ কৰা নিখুত আক্রমণে প্ৰমাণ কৰিলে যে দূৰদৰ্শিতা, দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু সমন্বয় অবিহনে কোনো অভিযান সফল হ’ব নোৱাৰে। কিছুদিনৰ বাবে যুদ্ধৰ কাহিনী যেন প্ৰতিয়মান হ’ব পাৰে। কিন্তু এয়া হৈছে পাকিস্তানৰ ওপৰত ভাৰতৰ জয়ৰ কাহিনী আৰু ইয়াত দীৰ্ঘদিনীয়া কৌশলগত প্ৰস্তুতি আৰু প্ৰতিৰক্ষা প্ৰস্তুতিৰ ভূমিকা নিহিত হৈ আছে। সূদৰ্শন চক্ৰ অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ লক্ষ্য হৈছে দেশৰ জটিল স্থানসমূহত প্ৰতিৰক্ষা আৰু প্ৰযুক্তিগত সুৰক্ষা প্ৰদান কৰে ।
Site Admin | August 30, 2025 11:04 PM | RAJNATH SING
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়, বৰং ই অস্তিত্ব আৰু প্ৰগতিৰ চৰ্তঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
