সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ

সম্প্ৰতি সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে জানিবলৈ দিছে। নতুন দিল্লীত আজি নির্বাচিত মহিলা প্রতিনিধিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত সৱল পঞ্চায়ত নেত্রী অভিযান শীর্ষক উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে মহিলাসকলৰ সৱলীকৰণৰ বাবে লাখপতি বাইদেউ আৰু নমো ড্ৰণ বাইদেউ আঁচনিকে ধৰি ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে মহিলাসকলৰ মাজত বিশ্বাস গঢ়ি তোলাৰ বাবে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ দক্ষতাৰ বিকাশৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত অংশ লৈ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কয়, যে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নে সমাজলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিছে। লোকসভা আৰু বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত ৰখাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মহিলা প্রতিনিধিসকলক ভাল কামেৰে নিজৰ গাঁৱৰ বাবে অনুপ্ৰেৰণাৰ উৎস হবলৈ আহ্বান জনায়। কেন্দ্ৰীয় পঞ্চায়তীৰাজ ৰাজ্য মন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেল আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খড়চে এই অনুষ্ঠানত উপস্থিত থাকে। ২৮ মার্চত পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আয়োজন কৰা এই অনুষ্ঠানত এহেজাৰ দুশৰো অধিক নিৰ্বাচিত মহিলা প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ২৩ গৰাকী নিৰ্বাচিত মহিলা প্রতিনিধিক তেওঁলোকৰ অসাধাৰণ কামৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয় ৷