ৰাজস্থানৰ ফালোড়ী জিলাৰ মাথুডা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত কালি সংঘটিত এটা পথ দুর্ঘটনাত কমেও ১৫ লোকৰ মৃত্যু হয়। যোধপুৰৰ পৰা তীর্থযাত্রী কঢ়িয়াই অনা এখন বাছে মাথুডাৰ সমীপত এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাত বহুকেইজন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক নিকৱৰ্তী চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মাই এই দুর্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ পথ দুর্ঘটনাত নিহত সকলৰ প্ৰতি শোক প্রকাশ কৰিছে। এটা বার্তাত শ্রীমোদীয়ে দুর্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য প্রদানৰ কথা ঘোষণা কৰে।