কেন্দ্রীয় মন্ত্রীসভাই আনুমানিক এহেজাৰ ৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ২০ হাজাৰ বৰ্গমিটাৰ এলেকাত ব্যস্ততাপূর্ণ সময়ত এহেজাৰ ৫০৭ গৰাকী যাত্ৰীৰ আহ-যাহৰ সুবিধাযুক্ত আগমণ-প্রস্থান ভৱনো নিৰ্মাণ কৰা হ’ব। কোটা ৰাজস্থানৰ ঔদ্যোগিক ৰাজধানীৰূপে পৰিচিত আৰু দেশৰ শৈক্ষিক প্রশিক্ষণ কেন্দ্ৰৰূপেও কোটাৰ সুকীয়া পৰিচয় আছে। নতুন দিল্লীত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে মন্ত্রীসভাই ৮ হাজাৰ ৩০৭ কোটি ৭৪ লাখ টকা ব্যয়েৰে ওড়িশাত ছটা লেনযুক্ত ৰাজধানী ক্ষেত্ৰ ৰিং ৰ’ড নিৰ্মাণৰ প্ৰস্তাৱতো অনুমোদন জনাইছে।