ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণ, বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ মুগকুছি এলেঙ্গীদলৰ শংকৰ আজান পুথিভঁৰালৰ বিস্তৰ ক্ষতি হয়। লগতে জিলাখনৰ খাৰজৰা আশ্ৰমৰ সন্মুখত গছ উভালি শতাধিক বাহন আবদ্ধ হৈ পৰে। বাঁহজানীৰ দৌকুছিতো কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আনহাতে, পশ্চিম নলবাৰীৰ কেইবাঠাইতো গছ উভালি পৰাৰ ফলত স্কুল বাছ, ব্যক্তিগত বাহন আদি ক্ষতিগ্রস্ত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাতো ব্যাঘাত জন্মিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।