কেন্দ্ৰীয় চৰকাৰে ৰে’ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে যাত্ৰীসকলৰ বাবে সুলভ আৰু আৰামদায়ক ৰে’লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। দেশত ৰে’ল দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকাৰ লগতে যোৱা ১০ বছৰত ৰে’লখণ্ডত প্ৰায় ৫ লাখ কর্মসংস্থাপন সৃষ্টি হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজি ৰাজ্যসভাত ৰে’ল মন্ত্ৰালয়ৰ কাম-কাজ সন্দৰ্ভত হোৱা এটা পৰ্যালোচনাত অংশগ্ৰহণ কৰি শ্ৰীবৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২০ চনৰে পৰা ৰে’ল ভাড়া বৃদ্ধি হোৱা নাই আৰু চুবুৰীয়া দেশসমূহৰ তুলনাত আমাৰ দেশত ৰে’ল যাত্ৰা এতিয়াও ব্যয়সাধ্য হৈ আছে। ৰেল দপ্তৰৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট সন্তোষজনক আৰু চৰকাৰে ইয়াক অধিক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০০৫-০৬ বৰ্ষৰে পৰা দেশত ৰে’ল দুৰ্ঘটনা প্রায় ৯০ শতাংশ হ্ৰাস পোৱা বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে কয় যে এই ক্ষেত্ৰত চৰকাৰে অহৰহ কাম কৰি আছে। ৰে’ল বিভাগৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰে’ল সেৱাই অন্যান্য ৰাষ্ট্ৰসমূহলৈ যন্ত্রপাতি ৰপ্তানি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সঞ্জয় শেঠে কয় যে ২০১৪ চনৰে পৰা ভাৰতীয় ৰে’ল ৰূপান্তৰকামী পৰিৱৰ্তনৰ সাক্ষী হৈছে। এ আই এ ডি এম কেৰ এম থাম্বিডুৰায়ে আলোচনাত অংশ লৈ ৰে’লসমূহৰ অপৰিছন্ন অৱস্থা আৰু নিম্নমানৰ খাদ্য যোগানৰ বিষয়ে অভিযোগ উত্থাপন কৰে। চি পি আই এমৰ এ এ ৰহিমে কয়, যে ভাৰতীয় ৰে’লৰ প্ৰেক্ষাপটত সুৰক্ষা আৰু নতুন নিযুক্তিৰ অভাৱ – এই দুয়োটা বিষয় ওতঃপ্রোতভাৱে জড়িত হৈ আছে। এন চি পি-এছ চি পিৰ ফৌজিয়া খান, বি এছ পিৰ ৰামজী, বি আৰ এছৰ ৰবিচন্দ্ৰ বদ্দিৰাজু আৰু আৰ এল এমৰ উপেন্দ্ৰ কুশৱাহাকে ধৰি আন কেইবাগৰাকী নেতায়ো আলোচনাত অংশগ্রহণ কৰে।
Site Admin | March 17, 2025 7:56 PM | RS railways
ৰে’ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ৰে’লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ