ভৈৰৱী-চাইৰাং ৰে’লপথছোৱাৰ সুৰংগসমূহত মিজো সংস্কৃতি প্ৰতিফলিত কৰা চিত্ৰ অংকন

উত্তৰ-পূৱ সীমান্ত ৰেলৱে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰা ভৈৰৱী-চাইৰাং ৰেলপথছোৱাৰ সুৰংগসমূহ মিজো সংস্কৃতি, ঐতিহ্য, নৃত্য আৰু জনজীৱন প্ৰতিফলিত কৰা চিত্ৰৰে সজাই তুলিছে। মুঠ ৫ হাজাৰ ২১ কোটি ৪৫ লাখ টকা ব্যয়সাপেক্ষ এই ৰেলপথছোৱাক ৰেলগাড়ী চলাচলৰ উপযোগী বুলি যোৱা ১০ জুনত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা আয়ুক্তই নিশ্চিতি দিয়াৰ পাছত এতিয়া সমগ্ৰ ৰেলপথছোৱাৰ সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে। অহা কেইদিনমানৰ ভিতৰতে এই ৰেলপথেৰে নিয়মীয়া গাড়ী চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ আইজলৰ সংবাদদাতাই জনাইছে।