ডাউনলোড
মোবাইল এপ

android apple
signal

June 27, 2025 12:34 PM | Rail line

printer

ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্নৰ ফলত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ

ভূমিস্খলনৰ ফলত বিগত ১০ দিন ধৰি ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ ফলত লামডিং-হাৰাংগাজাওত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে। লংকাৰ দিশৰ পৰা অহা ট্রাকসমূহ লামডিং সংৰক্ষিত বনাঞ্চলত আবদ্ধ হৈ আছে। একেদৰে শিলচৰৰ দিশৰ পৰা অহা ট্রাকসমূহ ডিকটচাৰা-হাৰাংগাজাওত আবদ্ধ হৈ পৰিছে। দুয়োপিনে আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। প্ৰশাসনে চালক-হেণ্ডিমেনসকলৰ খোৱা-বোৱাৰ যথোচিত ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ কার্যবাহী সদস্য অমেন্দু হোজাই আৰু জাতিংগাৰ একাংশ গিৰ্জাৰ সংগঠনসমূহে ট্রাক চালক আৰু হেণ্ডিমেনসকললৈ সহায়ৰ হাত আগবঢ়াইছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে’লপথৰ পৰা শিল-বালি আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে বর্তমান ১৫ খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্রমিকে ৰে’লপথছোৱা ৰে’ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ভূমিস্খলন হোৱা অঞ্চলটো পৰিদৰ্শন কৰি মেৰামতি কাৰ্যৰ বুজ লয় । তেওঁ কয়, যে বতৰ অনুকুল হ’লে অহা সোমবাৰৰ ভিতৰত এই পথেৰে আংশিকভাৱে ৰে’ল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যাব। মেৰামতি হোৱাৰ পাছত ভূমিস্খলন হোৱা অঞ্চলৰ ১০০ মিটাৰ অংশত সাৱধানতাৰে লেহেমীয়া গতিত ৰে’ল চলাচল কৰা হ’ব আৰু ভূমিস্খলন প্ৰতিৰোধৰ বাবে থকা গার্ডৱালৰ পুনৰ নিৰ্মাণৰ বাবে আৰু প্ৰায় এমাহ সময় লাগিব। পূৰ্বৰ মিটাৰগেজ ৰে’লপথৰ ওপৰতে ব্ৰডগেজ ৰে’লপথ স্থাপন কৰাৰ ফলত এই ৰে’লপথছোৱাৰ কিছু কাৰিকৰী আঁসোৱাহ ৰৈ গৈছে। তেওঁ কয়, যে লংকাৰ পৰা শিলচৰ সংলগ্ন মইনাৰবন্দলৈ প্ৰায় ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে জৰীপ চলাই থকা হৈছে।

অধিক পঢ়ক

সকলো চাওক